বহিঃৰাজ্যত অসমীয়া যুৱকক হত্যা! দাৰে ঘপিয়াই ঘপিয়াই হত্যা কৰিলে চেন্নাইৰ যুৱকে...

assamese boy murder at chennai

বহিঃৰাজ্যত অসমীয়া যুৱকক হত্যা! দাৰে ঘপিয়াই ঘপিয়াই হত্যা কৰিলে চেন্নাইৰ যুৱকে...


অসমীয়া যুৱকক পুনৰ বহিঃৰাজ্যত দাৰে ঘপিয়াই ঘপিয়াই হত্যা! অসমৰ বাহিৰত এতিয়া নিৰাপত্তা নাইকিয়া হৈছে অসমীয়া যুৱক-যুৱতীৰ৷ সঘনাই বহিঃৰাজ্যত সংঘটিত হ’বলৈ লৈছে অসমীয়া যুৱক-যুৱতীৰ মৃত্যু৷ কিছু সংখ্যকৰ ৰহস্যজনকভাৱে মৃত্যু হোৱাৰ পিছত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে চৰকাৰে৷

কিছুদিন পূৰ্বে এগৰাকী যুৱতীয়ে মৃত্যুক সাৱটি ল লৈছিল বহিঃৰাজ্যত৷

এইবাৰ অৰুণাচল প্ৰদেশত বসবাস কৰা অসমীয়া যু্ৱক সোনটো গগৈক হত্যা কৰা হ’ল চেন্নাইত ৷ যুৱকজনৰ ঘৰ অৰুণাচল প্ৰদেশৰ নামচাই জিলা বৰবীল গাঁৱত বুলি জানিব পৰা গৈছে৷ এজনী কনমাণি আৰু পত্নীক ঘৰত থৈ কামৰ সন্ধানত গাঁৱৰে লগৰ এজনৰ লগত গৈছিল বহিঃৰাজ্য চেন্নাইলৈ৷

চেন্নাইৰ এটা ষ্টেচনত নামি নিশা বহি থাকোতেই সংঘটিত হয় ভয়ংকৰ ঘটনাটো৷ কিছু কথাত চেন্নাইৰ যুৱকৰ সৈতে খেলিমেলি হোৱাত চেন্নাইৰ যুৱক দাৰে ঘপিয়াই ঘপিয়াই হত্যা কৰে যুৱকজনক৷

 

Category
Profile picture for user UB Photos