আহমেদাবাদত এখন ফুট ব্ৰীজে দৃষ্টি আৰ্কষণ কৰিছে জনতাৰ! নৱনিৰ্মিত ব্ৰীজখন আজি উদ্ধোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

Foot Bridge

আকৰ্ষণীয় ডিজাইনেৰে আহমেদাবাদত নিৰ্মাণ কৰা হৈছে ৩০০ মিটাৰ দীঘল ১৪ মিটাৰ বহল এখন ফুট ব্ৰীজ। আহমেদাবাদ পৌৰনিগমে নিৰ্মাণ কৰা এই ব্ৰীজখনৰ নাম হৈছে অটল ব্ৰীজ।

সবৰমতীৰ পাৰত নিৰ্মাণ কৰা এই ব্ৰীজখনক নামাকৰণ কৰা হৈছে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নামেৰে। আজি এই অটল ব্ৰীজখন উদ্ধোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইতিমধ্যে আকৰ্ষণীয় ডিজাইন আৰু চকু ছাট মৰা এলইডি লাইটেৰে আটকধুনীয়াকৈ সজাই তোলা হৈছে ব্ৰীজখন।

উল্লেখ্য যে, অটল ব্ৰীজখনে সবৰমতী নদীৰ সন্মুখৰ পশ্চিম প্ৰান্তত থকা ফুলৰ বাগিচা আৰু পূব-প্ৰান্তত আহিবলগীয়া কলা আৰু সংস্কৃতি কেন্দ্ৰক সংযোগ কৰে। এক বিবৃতিত উল্লেখ কৰা অনুসৰি এই ব্ৰীজখনে মাল্টি লেভেল কাৰ পাৰ্কিংৰ সুবিধা প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰযোগে অটল ব্ৰীজৰ ফটো শ্বেয়াৰ কৰি লিখে, ‘Doesn’t the Atal Bridge look spectacular!’

 

Category
Profile picture for user UB Photos