কটন বিশ্ববিদ্যালয়ত বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী মহোৎসৱৰ উদ্বোধনী অনুষ্ঠান

Lachit Bor

কটন বিশ্ববিদ্যালয়ত আজি অনুষ্ঠিত হয় বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী মহোৎসৱৰ উদ্বোধনী অনুষ্ঠান।

ভাৰতীয় ইতিহাস সংকলন সমিতি, অসমৰ উদ্যোগত আয়োজন কৰা হয় এই অনুষ্ঠানৰ।

ভাৰতীয় ইতিহাস সংকলন সমিতিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক বালমুকুল পাণ্ডে, উদযাপন সমিতিৰ সভাপতি শ্যামল শইকীয়াসহ উপস্থিত থাকে বহু বিশিষ্ট ব্যক্তি।

lachit borphukan

জন্ম জয়ন্তী উপলক্ষে কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু ৰাভা প্ৰেক্ষাগৃহত দেশ প্ৰেম মূলক নৃত্য প্ৰতিযোগিতা,অসমীয়া সংস্কৃত, বাংলা,  হিন্দী ভাষাত  দেশ প্ৰেম মূলক সঙ্গীত প্ৰতিযোগিতা, গুৱাহাটী টাউন ক্লাব লাচিত বৰফুকন ৰ লগত   সংগতি ৰাখি চিতাংঙ্কন প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

বীৰ লাচিত বৰফুকনক আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপতত নিবৰ বাবে এখন ৪০০ বছৰীয়া উদযাপন সমিতি গঠন কৰে।

উল্লেখ্য় যে, এই উদযাপন সমিতি দ্বাৰা ১৫ মাহ যোৰা বিভিন্ন কাৰ্যসূচি হাতত লব। উদযাপন সমিতিয়ে সভাপতিৰ দায়িত্ব দিয়ে ডঃ শ‍্যামল  প্ৰসাদ শইকীয়াক।

Category
Profile picture for user UB Photos