অঘটন! চলন্ত বিমানতেই হঠাৎ প্ৰাণ গ’ল এজন লোকৰ..

Aeroplan

চলন্ত বিমানৰ ভিতৰতে এজন লোকৰ মৃত্যু! চেন্নাইৰ পৰা গুৱাহাটী অভিমুখী আছিল বিমানখন। ইণ্ডিগ’ বিমানত সংঘটিত হৈছে এই ঘটনা। ৬০০৬ নম্বৰৰ আছিল ইণ্ডিগ’ বিমানখন। 

মৃত লোকজন বঙাইগাঁৱৰ হাইদৰ আলী। দেওবাৰে সন্ধিয়া ৭.২০ বজাত বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰে বিমানখন। বিমানৰ ভিতৰত যাত্রীৰ মৃত্যুৰ খবৰ গাপ দিয়াৰ চেষ্টা ইণ্ডিগ’ বিমান কৰ্তৃপক্ষৰ। ঘটনাক কেন্দ্ৰ কৰি ঘটনাস্থলীত সৃষ্টি হৈছে চাঞ্চল্যৰ।

বিমানৰ পৰা অবতৰণৰ পিছত হাস্পতাললৈ নিয়াৰ পথত লোকজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

Category
Profile picture for user UB Photos