গৃহিনীসকলৰ বাবে এটা ভাল খবৰ! চেপ্তেম্বৰৰ পৰা ঘৰে ঘৰে লাভ কৰিব গেছ

a-new-scheme-for-housewife-gas-cylinder/

গৃহিণী সকলৰ বাবে এটা ভাল খবৰ!

চেপ্তেম্বৰৰ পৰা ঘৰে ঘৰে অসম গেছ কোম্পানীৰ গেছ লাভ কৰিব গৃহিণী সকলে । মন্ত্ৰী অজন্তা নেওগে ৫ আগষ্টত গোলাঘাটত শুভাৰম্ভ কৰা আঁচনিখন গোলাঘাটৰ গেছ কোম্পানী লিমিটেডৰ দ্বাৰা ৰূপায়ন হ’ব চিটি গেছ বিতৰন নেটৱৰ্কৰ ৷ ১৮ বছৰৰ অন্তত এতিয়া গোলাঘাটবাসীয়ে পাব ঘৰে ঘৰে গেছ যোগানৰ ব্যৱস্থা ৷

চেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব গেছ যোগানৰ ব্যৱস্থা। গোলাঘাটৰ গৃহিণী সকলে আদৰণি জনাইছে এই পদক্ষেপক ৷ অসম গেছ কোম্পানীৰ মহাপ্ৰবন্ধক মনোজ বৰুৱাই জনোৱা মতে গোলাঘাটৰ ১৩ টা ৱাৰ্ডত প্ৰায় দহ হাজাৰ গৃহস্থক গেছৰ সংযোগ দিয়া হ’ব । ৫০০ টকাতে গেছৰ সংযোগ লাভ কৰিব লোকসকলে ৷ সুলভ মূল্যত গেছ লাভ কৰিব উপভোক্তা সকলে ৷

আনহাতে বৰ্তমান ৰন্ধনগেছৰ অভাৱনীয় মূল্যবৃদ্ধিৰ সময়তে সুলভ মূল্যত গেছ লাভ কৰাৰ খবৰে আনন্দিত কৰিছে গৃহিণী সকলক ৷ গোলাঘাটৰ গৃহিণীয়ে ব্যক্ত কৰিলে মনৰ অনুভৱ ৷ আনহাতে দীৰ্ঘদিন ধৰি গোলাঘাটত ৰন্ধনগেছ যোগান ধৰি অহা শৰ্মা গেছ এজেঞ্চিৰ স্বতাধিকাৰী অৰূপ কুমাৰ শৰ্মায়ে জানিবলৈ দিয়ে যে গোলাঘাটত ৰূপায়ণ হোৱা অসম গেছ কোম্পানীৰ এই আঁচনিয়ে তেওঁলোকক কোনো ক্ষতি নকৰে ৷ বৰঞ্চ কিছু গ্ৰাহক লাভ কৰিব বুলিহে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে ।

Category
Profile picture for user UB Photos