কামপুৰত নিশা অঘটন! বাঢ়নী পানীত উটি গ'ল কামপুৰ আৰক্ষী থানাৰ দুজন আৰক্ষী

Kampur Police

ভয়ানক বানে নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চলত ব্যাপক ক্ষয়-ক্ষতি কৰাৰ মাজতে এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে কামপুৰত।

অভিযান চলাবলৈ যোৱা কামপুৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া সমুজ্বল কাকতি আৰু কনিষ্টবল ৰাজীৱ বৰদলৈক বানে উটুৱাই নিয়া ঘটনাই সমগ্ৰ নগাঁৱতে শোকৰ ছাঁ পেলাইছে।

ইতিমধ্যে এছডিআৰএফে অভিযান চলাই কনিষ্টবল ৰাজীৱ বৰদলৈ আৰু ভাৰপ্ৰাপ্ত বিষয়া সমুজ্বল কাকতি ৰ মৃতদেহ উদ্ধাৰ কৰিছে। 

উল্লেখ্য় যে, নিশাই উদ্ধাৰ হৈছিল কনিষ্টবল ৰাজীৱ বৰদলৈক মৃতদেহ। নিশা আছামীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ পানীত উটি গৈছিল দুই আৰক্ষী।

মাত্ৰ কেইমাহমান পূৰ্বে কামপুৰ আৰক্ষী থানাত যোগদান কৰা অসম আৰক্ষীৰ উপ-পৰিদৰ্শকগৰাকী সমগ্ৰ নগাঁও আৰক্ষীৰ মাজত এগৰাকী কৰ্মদক্ষ আৰু অমায়িক বিষয়া হিচাপে পৰিচিত আছিল। সমুজ্জ্বল কাকতিৰ ঘৰ চাংসাৰিত। 

দেওবাৰে নিশা কামপুৰ চহৰৰ পাচনিঝাৰৰ অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ সমীপত এগৰাকী অপৰাধীক বিচাৰি অভিযান চলাবলৈ যোৱাৰ সময়তে এই শোকাৱহ ঘটনা সংঘটিত হৈছে।

জানিব পৰা মতে, কনিষ্টবল ৰাজীৱ বৰদলৈৰ প্ৰাণৰক্ষা কৰিবলৈ পানীত জাপ দিছিল ভাৰপ্ৰাপ্ত বিষয়া সমুজ্বল কাকতিয়ে। পিছে কপিলী আৰু নিশাৰী নৈৰ পৰা সৃষ্ট সংহাৰী বানৰ কোবাল সোঁতে উটুৱাই নিয়ে দুয়োকে।

Category
Profile picture for user UB Photos