এগিলাচ পানীৰ বাবেই প্ৰায় ২ লাখ টকা হেৰুৱালে এগৰাকী মহিলাই…

A woman lost 2 Lakhs Rupees for a glass of water

অকলশৰীয়া মহিলাক প্ৰবঞ্চনা। দুই যুৱকৰ প্ৰবঞ্চনাৰ বলি এগৰাকী মহিলা। নাজিৰাত দিন-দুপৰতে সংঘটিত এই লুটপাতৰ ঘটনা।

 

পানী খোৱাৰ চলেৰে দিন-দুপৰতে দুৰ্বৃত্তই মহিলাগৰাকীৰ পৰা লুটি লৈ গ'ল লাখ টকাৰ সোণৰ আ-অলংকাৰ। শনিবাৰে দিনৰ ভাগত ঘৰত অকলে আছিল নাজিৰাৰ ৯নং ৱাৰ্ডৰ অৰুণ দে'ৰ পত্নী দিপালী দে'। দিনৰ প্ৰায় ১১ বজাত এখন আপাচি বাইকত দিপালী দে'ৰ ঘৰলৈ আহে দুই যুৱক। যুৱক দুজনে দিপালী দে'ক কাঁহ-পিতলৰ বাচন-বৰ্তন চাফ-চিকুণ কৰিবলৈ অহা বুলি পৰিচয় দিয়ে। যুৱক দুজনক দেখি প্ৰথমে দিপালী দে' মান্তি হোৱা নাছিল যদিও যুৱকদ্বয়ে কোম্পানীৰ ফালৰ পৰা ৰিপ্ৰেজেনটিভ হিচাপে আহিছো বুলি কোৱাত দিপালী দে'ই বাচন-বৰ্তন চাফ-চিকুণ কৰিবলৈ দিয়ে যুৱকক।

 

কাঁহ-পিতলৰ বাচন-বৰ্তনেই নহয়, মহিলাগৰাকীয়ে পৰিধান কৰি থকা ৰূপৰ অলংকাৰৰ লগতে ঘৰত থকা সোণৰ আ-অলংকাৰো চাফ-চিকুণ কৰিবলৈ মহিলাগৰাকীক বিচাৰে যুৱকদ্বয়ে। তেতিয়ালৈকে সকলো ঠিকেই আছিল, হঠাৎ যুৱক দুজনে দিপালী দে'ক এগিলাচ পানী খাবলৈ বিচাৰে। পানী আনিবলৈ দিপালী দে'ই ভিতৰলৈ যাওঁতেই সুযোগ বুজি যুৱক দুজনে কাঁহ-পিতলৰ বাচন-বৰ্তন, ৰূপৰ চেইন এৰি সোণৰ আ-অলংকাৰখিনি লৈ পলায়ন কৰে। উল্লেখ্য যে, দুৰ্বৃত্তই লুটি লৈ যোৱা সোণৰ আ-অলংকাৰখিনিৰ মূল্য প্ৰায় দুই লাখ টকা।

 

নিজৰ আ-অলংকাৰ হেৰুৱাই উপায়ন্তৰ হৈ পৰা দিপালী দে'ৰ পৰিয়াল এতিয়া কাষ চাপিছে নাজিৰা আৰক্ষীৰ। নাজিৰা আৰক্ষী থানাত সমগ্ৰ ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে দাখিল কৰিছে এজাহাৰ।

Category
Profile picture for user UB Photos