মই দেখাত বেয়া কাৰণে প্ৰিয়ংকাই মোৰ সৈতে অন্তৰংগ দৃশ্য কৰা নাছিলঃ অনু কাপুৰ

Priyanka Chopra and annu kapoor

বলীউডৰ সফল অভিনেতাসমূহৰ ভিতৰত এজন অন্যতম অনু কাপুৰ।

তেওঁ বলীউডৰ বহুতো সফল চিনেমাত অভিনয় কৰিছে। শেহতীয়াকৈ অনু কাপুৰৰ নামটো চৰ্চাত আহিছে এটা বিশেষ কাৰণত। অনুৱে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ সন্দৰ্ভত এক মন্তব্য কৰিছে, তাকে লৈ এতিয়া সৰ্বত্ৰে আৰম্ভ হৈছে চৰ্চা।

অনু কাপুৰ আৰু প্ৰিয়ংকা চোপ্ৰাই একেলগে ‘এইটৰাজ’ আৰু ‘সাত খুন মাফ’ত অভিনয় কৰিছে। ‘সাত খুন মাফ’ত প্ৰিয়ংকা চোপ্ৰাৰ ৭ জন স্বামী আছিল। সেই ৭জন স্বামীৰ ভিতৰত এজন স্বামী আছিল অনু কাপুৰ। বাকী ৬ জন স্বামীৰ চৰিত্ৰত অভিনয় কৰিছিল ইৰফান খান, নাছিৰুদ্দিন শ্বাহ, নীল নীতিন মুকেশ, জন আব্ৰাহাম, ভিভান শ্বাহ আৰু আলেকজেণ্ডাৰ ডায়াছেনকোৱে।

অনু কাপুৰে শেহতীয়া এক সাক্ষাৎকাৰত কয় যে ”প্ৰিয়ংকা চোপ্ৰাই মোৰ সৈতে অন্তৰংগ দৃশ্যত অভিনয় কৰিবলৈ সন্মত হোৱা নাছিল কিয়নো মই দেখিবলৈ বেয়া। মই যদি দেখাত সুন্দৰ নায়ক হ’লোহেঁতেন প্ৰিয়ংকা চোপ্ৰাই মোৰ সৈতেও অন্তৰংগ দৃশ্য কৰিলেহেঁতেন।”

এই মন্তব্য চৰ্চালৈ অহাৰ পাছত প্ৰিয়ংকা চোপ্ৰাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় “যদি কোনোবাই অন্তৰংগ দৃশ্যত অভিনয় কৰিব বিচাৰে আৰু এনে নীচ মন্তব্য কৰিব বিচাৰে তেন্তে তেওঁ তেনে ধৰণৰ চিনেমাত কাম কৰা উচিত। মই কৰা চিনেমাখনৰ চিত্ৰ নাট্যত তেনে কোনো দৃশ্য নাছিল।’’

প্ৰিয়ংকাৰ এই প্ৰতিক্ৰিয়াৰ পাছত যেতিয়া অনু কাপুৰৰ প্ৰতিক্ৰিয়া জানিবলৈ বিচৰা হৈছিল তেতিয়া অনু কাপুৰে কৈছিল, ”মই প্ৰিয়ংকাৰ বিৰুদ্ধে কোনো কথা কোৱা নাই। প্ৰিয়ংকাৰ স্বামীৰ চৰিত্ৰত অভিনয় কৰো বা মেৰিল ষ্ট্ৰীপছৰ স্বামীৰ চৰিত্ৰত অভিনয় কৰো মানুহে মোক প্ৰতিভাৰ কাৰণেহে চিনি পাব। প্ৰিয়ংকাই এই কথাটোক ইমান ছিৰিয়াচলি ল’ব নালাগে।”

Category
Profile picture for user UB Photos