নিউয়ৰ্কত উজ্বলিল অসমৰ চহকী পাট-মুগাৰ সাজ, নিউয়ৰ্ক ফেশ্বন উইকত সংযুক্তা দত্তৰ বস্ত্ৰ প্ৰদৰ্শন…

assamese-designer-sanjukta-duttas-silk-exhibited-in-new-york-fashion-week-2022

বিদেশত সমাদৰ লাভ কৰিলে অসমৰ পাট-মুগাই। নিউয়ৰ্কত সৌৰভ বিলালে অসমৰ জাতীয় পোছাকে৷ বিখ্যাত নিউয়ৰ্ক ফেশ্বন উইকত উজ্বলিল অসম কন্যা সংযুক্তা দত্তৰ "আলফুল"৷

New York Fashion Week 2022

নিউয়ৰ্ক চহৰত আন্তঃৰাষ্ট্ৰীয় স্তৰত জিলিকি উঠিল অসমৰ অসমৰ চহকী পাট-মুগাৰে বোৱা কাপোৰ৷ তাঁতশালত হাতে বোৱা অনুপম চানেকিৰে ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় স্তৰত সুনাম অৰ্জন কৰা প্ৰসিদ্ধ ফেশ্বন ডিজাইনাৰ, অসম কন্যা সংযুক্তা দত্তই শনিবাৰে খোজ দিলে বিশ্বৰ অন্যতম জনপ্ৰিয় নিউয়ৰ্ক ফেশ্বন উইকৰ ৰেম্পত ।

New York Fashion Week 2022

মাৰ্কিন যুক্তৰাষ্টৰ নিউয়ৰ্ক চিটীৰ মানহাটত অনুষ্ঠিত বিশ্বৰ অন্যতম বৃহৎ ফেশ্বন ডিজাইন শ্ব' 'নিউয়ৰ্ক ফেশ্বন উইক-২০২২'ত এইবাৰ সংযুক্তা দত্তৰ ফেশ্বনৰ মূল বিষয়বস্তু হৈছে-"আলফুল" শীৰ্ষক ডিজাইন। "আলফুল" নামেৰে সৃষ্টি কৰা এই অপৰূপ ডিজাইনত আছে অসমৰ স্বাভিমানৰ প্ৰতীক পাট-মুগাৰ হাতে বোৱা মেখেলা-চাদৰ, বিশেষ শাৰী, গাউনছ, দ্ৰেপ-স্কাৰ্ট আৰু লেহেংগাৰ আকৰ্ষণীয় বস্ত্ৰ সম্ভাৰ।

New York Fashion Week 2022

ইয়াৰ লগতে ডিজাইনাৰ সংযুক্তা দত্তই মুকলি কৰিছে অসমৰ থলুৱা শিপিনীৰ আত্মনিৰ্ভৰশীলতাৰ আন এক নতুন পথ । বলিউডৰ প্ৰখ্যাত অভিনেত্ৰী হেমা মালিনী, বিপাশা বসু, প্ৰীতি জিণ্টা, কৰিশ্মা কাপুৰ, জেৰিন খান আদিয়ে দেশৰ অন্যতম জনপ্ৰিয় ফেশ্বন শ্ব' লেকমে ফেশ্বন শ্ব' উইক, এফ ডি চি আইসহ একাধিক প্ৰসিদ্ধ ফেশ্বন শ্ব'ৰ ৰেম্পত সংযুক্তা দত্তই প্ৰস্ত্তত কৰা থলুৱা পাট-মুগাৰ ডিজাইনৰ বস্ত্ৰৰে বিশ্বৰ কোটি কোটি লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। চলিত বৰ্ষৰ বাবে নিউয়ৰ্ক ফেশ্বন উইকৰ তালিকাত আন্তৰ্জাতিক পৰ্যায়ৰ একাংশ বিখ্যাত ফেশ্বন ডিজাইনাৰৰ সৈতে অসম কন্যা সংযুক্তা দত্তৰ নাম অন্তৰ্ভুক্ত হোৱা কাৰ্যই স্বাভাৱিকতে ৰাজ্যখনলৈ আনিছে এক ইতিবাচক বতৰা ।

Category