হৃত্বিক ৰোশনৰ লগত কোন এইগৰাকী অচিন যুৱতী? ডিনাৰ ডেটৰ পাছত হাতত ধৰি মৰমেৰে বহুৱাই দিলে গাড়ীত…

Hrithik Roshan

বলিউদৰ মোহময়ী অভিনেতা হৃত্বিক ৰোশনক অলপতে এগৰাকী অচিন যুৱতীৰ সৈতে এখন জাপানীচ ৰেষ্টুৰেণ্টৰ বাহিৰত দেখা গৈছে।

হৃত্বিকৰ সৈতে কোন এইগৰাকী অচিন যুৱতী? হৃত্বিক ৰোশনে ৰেষ্টুৰেণ্টৰ পৰা ওলাই হাতত ধৰি অতি মৰমেৰে গাড়ীত বহুৱাই দিছিল যুৱতীগৰাকীক। দুয়োকে এনেদৰে একেলগে দেখি অনুৰাগীসকলৰ মনত বহুত প্ৰশ্ন! সকলোৱে সুধিব বিচাৰে, কোন এইগৰাকী অচিন যুৱতী?

দীৰ্ঘদিন ধৰি চলচ্চিত্ৰৰ পৰা আঁতৰি থকা বলীউডৰ তাৰকা হৃত্বিক ৰোশনক শেহতীয়াকৈ মুম্বাইৰ এখন জনপ্ৰিয় জাপানী ৰেষ্টুৰেণ্টত সাধাৰণ নৈশ ভোজনত ওলাই যোৱা অৱস্থাত পাপাৰাজিৰ দৃষ্টিগোচৰ হয়। হৃত্বিক ৰোশনক এজনী ৰহস্যময়ী ছোৱালীৰ সৈতে দেখা গৈছিল। ৰেষ্টুৰেণ্টৰ পৰা ওলাই যোৱাৰ লগে লগে তেওঁ ৰহস্যময়ী ছোৱালীজনীৰ হাতত ধৰি তেওঁৰ বিলাসী গাড়ীত বহুৱাই বিদায় লৈছিল।

 

পেপাৰাজিয়ে হৃত্বিকৰ ওচৰত ৰৈ তেওঁক ফটোৰ বাবে প’জ দিবলৈ কোৱাত অভিনেতাজনে ৰহস্যময়ী ছোৱালীগৰাকীক কেমেৰাৰ পৰা সুৰক্ষিত কৰিবলৈ চেষ্টা কৰা দেখা গৈছিল।

কিছুদিনৰ পুৰ্বে পত্নীৰ সৈতে ডিভ’ৰ্চ হোৱা হৃত্বিক ৰোশনৰ লগত কোন এইগৰাকী অচিন যুৱতী, তাকে লৈ এতিয়া বহুতৰ মনত বহুত প্ৰশ্ন।

উল্লেখ্য যে, শীঘ্ৰেই হৃত্বিকক তামিল চলচ্চিত্ৰখনৰ ৰিমেক ‘বিক্ৰম বেদ’ত দেখা যাব। ইয়াৰ উপৰিও, হৃত্বিকক দীপিকা পাডুকনৰ সৈতে ‘ফাইটাৰ’তো দেখা যাব।

Category
Profile picture for user UB Photos