আজি অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু। ক’ভিডসৃষ্ট পৰিৱেশৰ মাজতে চহা অসমীয়াই উদযাপন কৰিছে ভোগালী বিহু । বিহুৰ এই পবিত্ৰ ক্ষণত অসমবাসীক বিহুৰ ওলগ জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
টুইটাৰযোগে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে। উৎসৱৰ বতৰাই সকলোৰে জীৱনলৈ সুখ-সমৃদ্ধি কঢ়িয়াই অনাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে নৰেন্দ্ৰ মোদীয়ে।

তেওঁ লিখিছে যে, ” আটাইলৈ মাঘ বিহুৰ শুভেচ্ছা জনালো। এই উৎসৱে যেন সদৌটিলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে তাৰ বাবে প্ৰাৰ্থনা জনাইছো”।
Category
- Log in to post comments