প্লাষ্টিকৰ মোনাৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ এটা নৱজাতক কেঁচুৱা

New Born Baby found Dead

দক্ষিণ কামৰূপৰ সোণতলীৰ পৰা বকোলৈ যোৱা ৰাস্তাৰ কালাতলী পাথাৰত নৱজাতক শিশুৰ মৃতদেহ উদ্ধাৰ ৷ 

দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ কালাতলী পাথাৰৰ সোণতলীৰ পৰা বকোলৈ যোৱা এখন পকী দলংৰ ওপৰত আজি দোকমোকলীতে এটি নৱজাতক শিশুৰ মৃতদেহ উদ্ধাৰ হোবাত অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্য ৷

ৰাতিপুৱা পথচাৰীয়ে নৱজাত শিশুৰ মৃতদেহ প্ৰত্যক্ষ কৰি হুৱাদুৱা লগায় ৷ 

পিছত ৰাইজে জোৰশিমুলী আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নৱজাতক শিশুৰ মৃতদেহ উদ্ধাৰ কৰে ৷ 

কোনে কি কাৰণত এইদৰে ৰাস্তাৰ মাজত শিশুটি মৃত অৱস্থাত পলিথিনৰ মোনাত পেলাই থৈ গল সেয়া ৰসহ্যৰ বিষয়৷ 

কোনোৱা পাষাণ মাতৃৰ অবৈধ প্ৰেমৰ পৰিণতি নেকি? বৰ্তমান ৰাইজৰ মাজত উদয় হৈছে এই প্ৰশ্নৰ ৷

Category
Profile picture for user UB Photos