আশ্বিকে কিমান বৰ্বৰতাৰে হত্যা কৰিছিল ডিম্পলক; ওলাল মৰণোত্তোৰ পৰীক্ষাত

How barbaricdid Ashk killed Dimple; On the test of the dead

মহানগৰীৰ উজান বজাৰত সংঘটিত চাঞ্চল্যকৰ এক হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য।

সম্পৰ্কীয় ভাতৃৰ হাততে কৰুণ মৃত্যুক আকোঁৱালি ল’বলগীয়া হৈছিল ডিম্পল কোমাৱতে। পৰিকল্পিতভাৱে অতি নৃশংসতাৰে হত্যা কৰা হৈছিল ডিম্পলক।

এতিয়া ডিম্পলৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশৰ পাছতে পোহৰলৈ আহিছে হত্যাকাৰীৰ নৃশংসতাৰ স্পষ্ট প্ৰমাণ।

মনত কিমান ক্ষোভ থাকিলে এজন ব্য়ক্তিয়ে এনেধৰনৰ কাম কৰিব পাৰে। ডিম্পলৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে পোহৰলৈ আনিছে এক শিৰহৰণকাৰী অপ্ৰিয় সত্য৷

প্ৰতিবেদনত কিদৰে ডিম্পল কোমাৱতক হত্যা কৰা হৈছিল তথা কিমানবাৰ আঘাত কৰা হৈছিল সেই সকলো স্পষ্ট হৈ পৰিছে ৷ 

ডিম্পলৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি সৰ্বশৰীৰত ১৫ বাৰকৈ ছুৰীৰে আঘাত কৰে লগতে উপৰ্যুপৰি মূৰত পটা-গুটিৰে আঘাত কৰা বাবে ডিম্পলে পৰৱৰ্তী সময়ত ব্ৰেইন হেমাৰেজ হৈ মৃত্যুক আঁকোৱালি লৈছিল ৷

মন কৰিবলগীয়া যে, আৰক্ষীয়ে ঘটনা সংঘটিত হোৱাৰ মাত্ৰ ২৪ ঘন্টাৰ ভিতৰতেই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল যদিও আশ্বিকৰ নিৰ্মমতা এতিয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত সকলো কথা অধিক স্পষ্ট হৈ পৰিছে ৷

ছুৰী আৰু পটা-গুটিত লাগি থকা তেজৰ DNA ৰিপোৰ্টো ফৰেনচিক বিজ্ঞানাগাৰে প্ৰকাশ কৰিব ৷ তাৰ পাছতেই আৰক্ষীয়ে দাখিল কৰিব আশ্বিকৰ অভিযোগনামা ৷ সম্প্ৰতি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আছে হত্যাকাৰী আশ্বিক গুপ্তা ৷

Category
Profile picture for user UB Photos