ভয়াৱহ খবৰ! ডিব্ৰুগড়ত ৰোগীৰ শৰীৰত একেলগে ধৰা পৰিছে ক’ভিডৰ আলফা আৰু ডেল্টা ভেৰিয়েন্ট

Covid

ৰাজ্যত কভিড পৰিস্থিত কিছু উন্নত হোৱাৰ সময়তে ডিব্ৰুগড়ৰ পৰা আহিছে এটা ভয়াৱহ খবৰ। ডিব্ৰুগড়ৰ এগৰাকী মহিলাৰ শৰীৰত ধৰা পৰিছে কভিডৰ আলফা আৰু ডেল্টা ভেৰিয়েন্ট।

  ডিব্রুগড়ৰ এগৰাকী মহিলা চিকিৎসকৰ শৰীৰত একেলগে ধৰা পৰিছে কভিডৰ দুটাকৈ ভেৰিয়েণ্ট আলফা আৰু ডেল্টা ভেৰিয়েণ্ট ৷ এজন ৰোগীৰ শৰীৰত দুটাকৈ কভিডৰ ভেৰিয়েণ্ট একেলগে ধৰা পৰা এইটো প্রথম ঘটনা বুলি সদৰী কৰিছে বিশেষজ্ঞই৷

  ডিব্রুগড়স্থিত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্রৰ বিষয়ববীয়াসকলে মহিলাগৰাকীৰ শৰীৰত একে সময়তে দুটা ভেৰিয়েণ্টৰ উপস্থিতি নিশ্চিত কৰিছে ৷ অৱশ্যে সম্পূর্ণ প্রতিষেধক গ্রহণ কৰাৰ বাবে মহিলাগৰাকীৰ শৰীৰত কিছুমান মৃদু লক্ষণে দেখা দিছে ৷ তেওঁ হাস্পতালত চিকিৎসাধীন হোৱাৰ প্রয়োজনীয়তা নাই বুলিও উল্লেখ কৰিছে চিকিৎসকে ৷

 

 

Category
Profile picture for user UB Photos