আজি পোহৰৰ উৎসৱ দীপাৱলী আৰু কালীপূজা;কিন্তু পূৰ্বৰ তুলনাত ৰাজ্যত নাই দীপাৱলীৰ উছাহ

diwali2025

আজি পোহৰৰ উৎসৱ দীপাৱলী। শাৰদী ৰাণীৰ আঁচলত ধৰি ধৰালৈ নামি আহিছে দীপান্বিতা উৎসৱ।

সমান্তৰালভাবে আজি কালী পূজাও উদযাপন কৰা হয়। কালী পূজা বছৰৰ প্ৰতিটো অমাৱস্যা তিথিত পালন কৰা হয়। দীপাৱলীৰ দিনাও যিহেতু অমাৱস্যা তিথি থাকে সেয়ে দীপাৱলীৰ দিনাও কালী পূজা কৰা হয়।

এই দীপাৱলীয়ে সকলোৰে জীৱনত পোহৰ বিলোৱাৰ আশাৰে উদযাপন কৰে এই উৎসৱটি। প্ৰতি বছৰে শৰৎ কালৰ কাতি মাহৰ অমাবস্যা তিথিত হিন্দু, জৈন, শিখ আৰু কিছু বৌদ্ধ সকলে পালন কৰে দীপাৱলী। আন্ধকাৰৰ বিৰুদ্ধে পোহৰৰ, বেয়াৰ বিৰুদ্ধে ভালৰ আৰু অজ্ঞানৰ বিৰুদ্ধে জ্ঞানৰ বিজয়ক প্ৰতিনিধিত্ব কৰে পোহৰৰ এই উৎসৱটিয়ে।

প্ৰতি বছৰে এই উৎসৱত দেশবাসীয়ে ঘৰ-দুৱাৰ, দোকান-পোহাৰ, কাৰ্যালয়, মন্দিৰ আদিত জ্বলাই এগছি চাকি।

কিন্তু এইবাৰ অৱশ্যে পূৰ্বৰ দৰে নাই দীপাৱলীৰ উৎসাহ-আনন্দ। কিয়নো প্ৰাণৰ শিল্পীগৰাকী নোহোৱা হোৱাৰ এমাহ সম্পূৰ্ণ হ’ল কিন্তু আজিলৈ নাপালে ন্যায়। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত দগ্ধ হৈ আছে ৰাজ্যবাসী।
তাৰ মাজতে অসূয়া- অপ্ৰীতি দূৰ কৰি সুখৰ বন্যা বোৱাবলৈ ৰাজ্যবাসীয়ে কৰিব প্ৰাৰ্থনা। আধ্যাত্মিক ৰীতি-নীতি, চিন্তা- চেতনা আৰু ভক্তিক সৰোগত কৰিয়েই দীপাৱলী উদযাপন কৰিবলৈ প্ৰস্তুত হৈছে ৰাজ্যবাসী।

দেশবাসী আজি ব্যস্ত দীপাৱলী উদযাপনত। কিন্তু তাৰ মাজতে এই আনন্দ-উল্লাসৰ সময়চোৱাত নিজৰ পৰিয়ালৰ পৰা দূৰত থাকিবলগীয়া হৈছে একাংশ। সীমান্তত থিয় হৈ দেশৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ স্বাৰ্থত জোৱান সকলে দীপাৱলীত নিজৰ ঘৰৰ পদূলিত জ্বলাবলৈ নাপাব চাকি-বন্তি। সীমান্তত সুৰক্ষা সুনিশ্চিত কৰা জোৱান সকলৰ বাবেই আমি শান্তিৰে নিজৰ ঘৰত উদযাপন কৰিব পাৰিম এই পোহৰৰ উৎসৱ। কিন্তু তেওঁলোকৰ হৃদয়ত থাকিব সেনা বাহিনীত যোগদান কৰাৰ পূৰ্বে ঘৰত কৰা দীপাৱলীৰ আনন্দৰ স্মৃতিবোৰহে।

Category