প্ৰেমৰ প্ৰলোভনেৰে ১৬ বছৰীয়া নাবালিকাক ধ*ৰ্ষ*ণ

guwahati

প্ৰেমৰ প্ৰলোভনেৰে ১৬বছৰীয়া নাবালিকা কিশোৰীক ধৰ্ষণ কৰি অন্তঃসত্বা কৰাৰ অভিযোগ এজন যুৱকৰ বিৰুদ্ধে।ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য অঞ্চলজুৰি। পুনৰ গুৱাহাটী মহানগৰীত লজ্জাজনক ঘটনা। মহানগৰীৰ ভৰলুৰ শান্তিপুৰত সংঘটিত হৈছে এক জঘন্য ধৰ্ষণ কাণ্ডৰ ঘটনা। ঘটনা অনুসৰি,শান্তিপুৰৰ এজন যুৱকে এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ সৈতে প্ৰেমৰ সম্পৰ্কত থাকি কিশোৰীগৰাকী সৈতে অসৎ কৰ্মত লিপ্ত হয়। যেতিয়া কিশোৰী গৰাকী অন্তঃসত্বা হয় তেতিয়া ধৃত বিপ্লৱ ঠাকুৰীয়া নামৰ যুৱকজনে কিশোৰী গৰাকীক কালিচৰণ হস্পিতাললৈ লৈ যায় আৰু কিশোৰীগৰাকীক গৰ্ভপাত কৰাই। । হস্পিতাল কৰ্তৃপক্ষক মাত্ৰ কেইটামান ধনৰ বিনিময়ত নাবালিকা কিশোৰীগৰাকীক গৰ্ভপাত কৰাই। ঘটনা সন্দৰ্ভত ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে অৱগত হোৱাৰ লগে লগে ভৰলুমুখ থানাত ধৃত যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। কিন্তু এগৰাকী নাবালিকা যুৱতীক প্ৰেমৰ জালত ফচাই এনে ধৰণৰ অসৎ চৰিতাৰ্থ পুৰণ কৰাৰ বাবে শাস্তি কি হ’ব বিপ্লৱ ঠাকুৰীয়াৰ? ভৰলুমুখৰ কালিচৰণ হস্পিতাল কৰ্তৃপক্ষই টকাৰ বিনিময়ত এগৰাকী নাবালিকাৰ জীৱনৰ লগত হেতালী খেলিবলৈ ক’ত সাহস পালে? সেয়া হৈছে লক্ষ্যনীয়…।

Category