পাকিস্তানত অভাৱনীয় পৰিস্থিতি;বিগত ৪৮ ঘণ্টাত মৃত্যু ৩২১ জন লোকৰ

At Least 321 Dead in Northern Pakistan Flash Floods

পাকিস্তানত অভাৱনীয় পৰিস্থিতি। পাকিস্তানত হোৱা প্ৰচণ্ড বৰযুণৰ ফলত বিগত ৪৮ ঘণ্টাত মৃত্যু ৩২১ জন লোকৰ। নিৰুদ্দেশ কেইবাজনো। নিৰুদ্দেশ লোকৰ সন্ধান বিচাৰি উদ্ধাৰকাৰী দলে নিৰন্তৰভাৱে চলাই আছে অভিযান।

পাকিস্তানৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা অনুসৰি, প্ৰচণ্ড বৰষুণৰ ফলত পাহাৰীয়া খাইবাৰ পাখতুনখোৱা প্ৰদেশত সৰ্বাধিক ৩০৭ জন লোকৰ মৃত্যু হয়। পি অ’ কে অঞ্চলত ৯ জন লোকৰ মৃত্যু হয় লগতে উত্তৰ গিলগিট-বাল্টিস্তান অঞ্চলত ৫ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। নিহতসকলৰ ভিতৰত ১৫ গৰাকী মহিলা আৰু ১৩ টি শিশু আছে।

জানিব পৰা মতে,নিহত লোকসকলৰ ভিতৰত অধিকাংশই আকস্মিক বান আৰু ঘৰ ভাঙি পৰাৰ ফলত মৃত্যুক সাবটিবলগা হয়।

প্ৰাদেশিক উদ্ধাৰ সংস্থাটোৱে এ এফ পিক জনোৱা মতে, ধ্বংসাৱশেষৰ তলৰ পৰা মৃতদেহ উদ্ধাৰ আৰু ক্ষতিগ্ৰস্ত ৯ খন জিলাত প্ৰায় ২০০০ উদ্ধাৰকাৰীয়ে সাহায্য অভিযান চলাই আছে। কিন্তু নেৰানেপেৰাকৈ হৈ থকা বৰষুণৰ ফলত উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হৈছে।

লগতে সংস্থাটোৱে জানিবলৈ দিয়া অনুসৰি, বেছিভাগ অঞ্চলতে পথ বন্ধ হোৱাৰ বাবে উদ্ধাৰকাৰীয়ে দুৰ্গম অঞ্চলত অভিযান চলাবলৈ খোজকাঢ়ি যাবলগীয়া হৈছে।

ইফালে প্ৰাদেশিক চৰকাৰে ভয়াৱহভাৱে ক্ষতিগ্ৰস্ত পাহাৰীয়া জিলা বুনেৰ, বাজাউৰ, স্বাট, শ্বাংলা, মানচেহৰা আৰু বট্টাগ্ৰামক দুৰ্যোগপীড়িত অঞ্চল হিচাপে ঘোষণা কৰিছে ।

আনহাতে, বতৰ বিজ্ঞান বিভাগে পাকিস্তানৰ উত্তৰ-পশ্চিম অঞ্চলৰ বাবে প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে।

Category