অসমৰ প্ৰান্তীয় জিলা তিনিচুকীয়া ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়া জিলা বুলিব পাৰি। জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ খেলুৱৈয়ে বিভিন্ন খেলত পাৰদৰ্শিতা প্ৰদৰ্শন কৰি ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠাৰ সমান্তৰালভাৱে জিলাখনলৈ সুনাম কঢ়িয়াই আনিছে।
শেহতীয়াকৈ তিনিচুকীয়া জিলাক গৌৰৱান্বিত কৰে - জিলাখনৰ ন গৰাকী খেলুৱৈয়ে। নেপালৰ ৰাজধানী কাঠমাণ্ডুত অনুষ্ঠিত হোৱা 2nd International karate championship ত অসমৰ দুখন জিলা ক্ৰমে তিনিচুকীয়া আৰু যোৰহাট জিলাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। তিনিচুকীয়া জিলাৰ ন গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰি আঠটা সোণৰ পদক, চাৰিটা ৰূপৰ আৰু চাৰিটা ব্ৰঞ্জৰ পদক লাভ কৰে।
তিনিচুকীয়াৰ সুৰজিৎ কাৰাটে অকাডেমিৰ প্ৰশিক্ষাৰ্থীসকলৰ সাফল্যত তিনিচুকীয়াত আনন্দৰ বন্যা বয়। এই বিষয়ে প্ৰশিক্ষকে এনেদৰে কয় - আনহাতে, খেলুৱৈৰ সাফল্যত সন্তুষ্টি প্ৰকাশ কৰে - বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সমিতিয়ে। আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত বিজয়ী খেলুৱৈসকল ৰেল যোগে তিনিচুকীয়াত উপস্থিত হোৱাৰ লগে লগে দল- সংগঠনৰ লগতে অনুৰাগীয়ে উষ্ম আদৰণি জনায়।
- Log in to post comments