
বতৰ বিজ্ঞান কেন্দ্ৰই দিলে বৰষুণৰ আগজাননী
নিশাৰে পৰা গুৱাহাটীত মূষলধাৰ বৰষুণৰ সম্ভাৱনা
কাইলৈ মাজনিশা পৰ্যন্ত অব্যাহত থাকিব বৰষুণ
বৰষুণৰ লগতে আহিব প্ৰচণ্ড ধুমুহাও
ঘণ্টাত ৫০-৬০ কিঃমিঃ বেগত আহিব পাৰে ধুমুহা
সতৰ্কতা জাৰি ৰাজ্যিক দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা কৰ্তৃপক্ষৰ
প্ৰয়োজন অবিহনে ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ পৰামৰ্শ
পাহাৰ অঞ্চলৰ লোকক অধিক সতৰ্কতা অৱলম্বনৰ আহ্বান
বংগোপ সাগৰত হোৱা নিম্ন চাপৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত মুষলধাৰ বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যমতে কামৰূপ মহানগৰৰ লগতে কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, বৰপেটা, বঙাইগাঁও, পশ্চিম কাৰ্বি আংলং, কোকৰাঝাৰ, চিৰাং, বজালী, বাক্সা, তামুলপুৰ, নলবাৰী, কামৰূপ, দৰং, ওদালগুৰি, মৰিগাঁও, নগাঁও, হোজাই, শোণিতপুৰ আৰু ডিমা হাচাওত হ’ব প্ৰচুৰ বৰষুণ।
- Log in to post comments