ভাৰতে চন্দ্ৰ চুৱাৰ পাছতো থেক মানসিকতাৰ বলি একাংশ মানৱ জাতি। মানুহ জীৱ শ্ৰেষ্ঠ, কিন্তু এনে কিছু কৰ্মকাণ্ডই মানুহজাতিটোক একেবাৰেই নিকৃষ্ট শাৰীত তুলি ধৰিছে। পুনৰবাৰ সভ্য সমাজক লজ্জানত কৰা এক ঘটনা। দৰঙত এইবাৰ বোৱাৰীয়ে চুৰিদাৰ পিন্ধা বাবে গাঁওবাসীয়ে এঘৰীয়া কৰিলে এটা পৰিয়ালক।
আচলতে এনে ঘটনাই বাৰে বাৰে প্ৰমাণ কৰে যে, আমাৰ সমাজৰ চিন্তা ধাৰা কিমান নিম্ন?
সামাজিক সংকীৰ্ণতাৰ বলি হৈ স্বামীসহ ন্যায় বিচাৰি জিলা আয়ুক্ত, চক্ৰ বিষয়াৰ কাষ চাপিছে ভুক্তভোগী মেঘালী দাস নামৰ বোৱাৰীগৰাকীয়ে। ।ছিপাঝাৰ থানা এলেকাৰ গণেশকুঁৱৰীৰ পদ্মজানী গাঁৱত এই আজৱ ঘটনাটো সংঘটিত হৈছে। কৰ্মসূত্ৰে মেঘালী দাসৰ স্বামী থাকে বাহিৰত। ফলত অকলেই পৰিয়াল চম্ভালি থকাৰ লগতে এখন সৰুকৈ দোকান চলাই আছে বোৱাৰীগৰাকীয়ে।
সহজ আৰু আৰামদায়ক হোৱা বাবে চুৰিদাৰ পিন্ধিয়ে দৈনন্দিন কাম-কাজ চলাই থাকে মেঘালী দাসে। ইয়াতে ক্ষুণ্ণ হৈ গাঁওবাসীয়ে পাঁচ হেজাৰ টকাৰ জৰিমনা বিহে পৰিয়ালটোক।অন্যথা চিৰদিনৰ বাবে হৈ থাকিব লাগিব এঘৰীয়া।
এঘৰীয়া কৰাৰ কাৰণ জানিলে আপুনিও আচৰিত হ'ব৷ ইতিপূৰ্বে হেনো গাঁওখনৰ পৰা চুৰিদাৰ পিন্ধা দুগৰাকী বোৱাৰী পলাই গৈছে পৰপুৰুষলৈ। তেওঁলোকেও এনেদৰে পিন্ধিছিল চুৰিদাৰ। সেইবাবে মেঘালী দাসৰ ওপৰত গ্ৰহণ কৰা হ'ল শাস্তিমূলক ব্যৱস্থা। যাৰবাবে ন্যায় বিচাৰি প্ৰশাসনৰ ওচৰ চাপিল স্বামীসহ মেঘালী দাস নামৰ এইগৰাকী বোৱাৰী।
সভ্য সমাজৰ বাবে এই যুক্তি বাৰু গ্ৰহণযোগ্য নে? সচাঁকৈয়ে এনে ঘটনাই সভ্য সমাজক লজ্জানত কৰে ঘটনা ৷
- Log in to post comments