আজিৰে পৰা ৰাস মহোৎসৱ। ৰাস মহোৎসৱ হৈছে এনে এটি উৎসৱ, য’ত ভগৱান শ্ৰীকৃষ্ণৰ জীৱনলীলাক উপভোগ্য কৰি প্ৰদৰ্শন কৰা হৈছে। অসমৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ উদ্যাপিত হয়। মাজুলীৰ দক্ষিণপাট সত্ৰত পোন প্ৰথমে ৰাস মহোৎসৱৰ আৰম্ভ হৈছিল।
অতীজৰে পৰা ৰাস পূৰ্ণিমাত পালন কৰা হয় ৰাস মহোৎসৱ। ১৭৬২ দশকৰ পৰা দক্ষিণপাট সত্ৰত ৰাসোৎসৱ উদ্যাপন প্ৰথমে আৰম্ভ হয়। দক্ষিণপাট সত্ৰৰ পিছতে গড়মূৰ, আউনীআটী, বেঙেনাআটী, কমলাবাৰী, ভোগপুৰ আদি সত্ৰলৈ ৰাসোৎসৱৰ প্ৰসাৰ ঘটে।
আজি জানো আহক, উজনি আৰু নামনি অসমৰ ৰাসোৎসৱৰ পাৰ্থক্য কি?
উজনি অসমৰ দৰে নামনি অসমতো এই ৰাস মহোৎসৱৰ প্ৰাধান্য আছে। নলবাৰী, শুৱালকুছি, হাউলী, টিহু, পলাশবাৰী আদি অঞ্চলত ৰাস মহোৎসৱ পালন কৰা হয়।
কিন্তু উজনি আৰু নামনিৰ ৰাসৰ মাজত বহু পাৰ্থক্য দেখিবলৈ পোৱা যায়।
উজনিৰ ৰাস অভিনয়কেন্দ্ৰিক আৰু নামনিৰ ৰাস মূৰ্তিকেন্দ্ৰিক। শ্ৰীকৃষ্ণৰ বিভিন্ন কৰ্মৰাজিক মৃণ্ময় মূৰ্তিসমূহৰ মাজেৰে সজাই তুলি প্ৰদৰ্শন কৰা হয়। কালীয় দমন, পুতুনা বধ, দধিমথন, কংসবধ, বৃন্দাবনৰ ৰঅসলীলা আদি মৃণ্ময় মূৰ্তিসমূহৰ জৰিয়তে উপস্থাপন কৰা হয়। ঠাইভেদে ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি ঢুলীয়া, ওজাপালি খোলা গান (অপেছাদাৰী নাট), নাম-প্ৰসংগ আদি পালন কৰা হয়। পলাশবাৰীৰ ৰঅসত জীৱন্ত মূৰ্তিও প্ৰদৰ্শন হয়। নামনি অসমৰ ৰাসত বংগীয় প্ৰভাৱ দেখিবলৈ পোৱা যায়। বিভিন্ন আলোকসজ্জাৰে প্ৰদৰ্শনস্থলী সজাই দৰ্শকৰ মন আকৰ্ষণ কৰে।
- Log in to post comments