ভাৰতৰ ৫১ সংখ্যক প্ৰধান বিচাৰপতি হিচাপে পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰে ন্যায়াধীশ সঞ্জীৱ খান্নাই। ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূই ন্যায়াধীশ সঞ্জীৱ খান্নাক শপতবাক্য পাঠ কৰোৱায়। দেশৰ ন্যায়পালিকাৰ ইতিহাসত কেইবাটাও যুগান্তকাৰী ৰায়দানৰ কৃতিত্বৰ অধিকাৰী ন্যায়াধীশ সঞ্জীৱ খান্না। কেইবাটাও ঐতিহাসিক আৰু সুদূৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰা ৰায়ৰ স্থপতিও সঞ্জীৱ খান্না।
উল্লেখ্য যে, দেশৰ ন্যায় ব্যৱস্থাৰ লগত জ়ড়িত এটা প্ৰখ্যাত পৰিয়ালৰ যোগ্য উত্তৰাধিকাৰী ন্যায়াধীশ সঞ্জীৱ খান্না। ন্যায়াধীশ সঞ্জীৱ খান্নাৰ পিতৃ ন্যায়াধীশ দেৱৰাজ খান্না দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল। তেওঁৰ মাতৃ সৰোজ খান্না দিল্লীৰ লেডী শ্ৰীৰাম কলেজৰ অধ্যাপিকা আছিল। একেদৰে তেওঁৰ খুৰা ন্যায়াধীশ হংসৰাজ খান্না আছিল উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আছিল। জৰুৰীকালীন অৱস্থা সন্দৰ্ভত ন্যায়াধীশ হংসৰাজ খান্নাৰ সংখ্যালঘু ৰায়ে দৃষ্টি কাঢ়িছিল দেশবাসীৰ।
২০১৯ৰ জানুৱাৰীত ন্যায়াধীশ সঞ্জীৱ খান্না উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে পদোন্নতি পাইছিল। তাৰ পিছতে তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ ৰায়ৰ অংশীদাৰ হৈছিল। ২০১৯ৰ ১৮ জানুৱাৰীৰ পৰা ১১৫টা গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে সঞ্জীৱ খান্নাই। তথ্য জনাৰ অধিকাৰ আইনৰ আওতাত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশকো অনাৰ ৰায়টো আছিল সঞ্জীৱ খান্নাৰ গুৰুত্বপূৰ্ণ ৰায়।
ন্যায়পালিকাৰ স্বাধীনতাই তথ্য জনাৰ অধিকাৰ আইনক বিৰোধ নকৰে বুলি ৰায় দিছিল সঞ্জীৱ খান্নাই। আনকি নৱনিৰ্মিত সংসদ ভৱনক সামৰি নিৰ্মাণ কৰা চেণ্ট্ৰেল ভিষ্টা প্ৰকল্প সন্দৰ্ভতো বিৰোধসূচক অভিমত দিছিল সঞ্জীৱ খান্নাই। প্ৰচলিত প্ৰশাসনীয় প্ৰক্ৰিয়াক অৱজ্ঞা কৰি চেণ্ট্ৰেল ভিষ্টা প্ৰকল্প ৰূপায়ণ কৰা বুলি মত দিছিল সঞ্জীৱ খান্নাই। সংবিধানৰ অনুচ্ছেদ ৩৭০ বাতিলৰ পক্ষত ৰায় দিছিল সঞ্জীৱ খান্নাই। দেশ কঁপোৱা ইলেক্টৰেল ব’ণ্ড অসাংবিধানিক বুলি আখ্যা দিয়া ৰায়ৰ অংশীদাৰ আছিল সঞ্জীৱ খান্না।
ইয়াৰোপৰি EVMৰ সলনি বেলট পেপাৰেৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ আবেদন অগ্ৰাহ্য কৰা ন্যায়াধীশগৰাকী আছিল সঞ্জীৱ খান্নাই। EVMয়ে বুথ কেপচাৰিং আৰু ভুৱা ভোটদানত বাধা দিয়া বুলি যুক্তি দি EVMৰ সমৰ্থনত ৰায় দিছিল সঞ্জীৱ খান্নাই। দিল্লীৰ তদানীন্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ৩ সপ্তাহৰ জামিন দিয়া ৰায়ৰ অংশীদাৰ আছিল ন্যায়াধীশগৰাকী।
দেশৰ প্ৰধান বিচাৰপতি হিচাপে ন্যায়াধীশ সঞ্জীৱ খান্নাৰ কাৰ্যকাল অন্ত পৰিব ২০২৫ চনৰ ১৩ মে’ত। মাত্ৰ ৬ মাহকালহে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে সেৱা আগবঢ়োৱাৰ সুযোগ পাব সঞ্জীৱ খান্নাই।
- Log in to post comments