গুৱাহাটীৰ দুৰ্গা পূজাসমূহক লৈ অনুষ্ঠিত হ’ব স্বচ্ছ প্ৰতিযোগিতা। ১৭৫খন দুৰ্গা পূজা সমিতিক প্ৰদান কৰা হ’ব পুৰস্কাৰ। প্ৰথম পুৰস্কাৰ ১০ হাজাৰ টকা, দ্বিতীয় পুৰস্কাৰ ৭ হাজাৰ টকা আৰু তৃতীয় পুৰস্কাৰ ৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ'ব।
উল্লেখ্য যে, ২৫খন পূজা কমিটীক প্ৰদান কৰিব প্ৰথম পুৰস্কাৰ, ৫০খন পূজা কমিটীক প্ৰদান কৰা হ’ব দ্বিতীয় পুৰস্কাৰ আৰু ১০০খন পূজা কমিটীক প্ৰদান কৰা হ’ব তৃতীয় পুৰস্কাৰ।
লগতে, প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা পূজা সমিতিলৈ বিশেষ নিয়ম বান্ধি দিয়া হৈছে। সেই নিয়ম সমূহ হৈছে -
১. প্লাষ্টিক বৰ্জন, জাৱৰ নিষ্কাষণৰ ক্ষেত্ৰত নিয়ম
২. প্ৰতিটো ৱাৰ্ডতে গঠন কৰা হৈছে একোখনকৈ সমিতি
৩. কাউন্সিলাৰৰ পৰা GMCৰ অভিযন্তালৈ থাকিব সমিতিত
৪. পূজা সমিতিসমূহৰ নম্বৰৰ ভিত্তিত প্ৰদান কৰা হ’ব পুৰস্কাৰ, সৰ্বমুঠ নম্বৰ থাকিব ৭০
৫. জাৱৰ নিষ্কাষণ কৰা NGOসমূহক লৈও অনুষ্ঠিত হ’ব পৰীক্ষা
৬. পৰিপাটিৰ ওপৰত ভিত্তি কৰি দিয়া হ’ব পুৰস্কাৰ
প্ৰথম পুৰস্কাৰ হিচাপে থাকিব ১ লাখ টকা, দ্বিতীয় পুৰস্কাৰ ৭৫ হাজাৰ টকা, তৃতীয় পুৰস্কাৰ হিচাপে থাকিব ৫০ হাজাৰ টকা। মহানগৰীৰ ৱাৰ্ডৰ মাজতো অনুষ্ঠিত হ’ব প্ৰতিযোগিতা। স্বচ্ছতাৰ ভিত্তিত প্ৰদান কৰিব পুৰস্কাৰ।
আনহাতে, ২০২৫ৰ জানুৱাৰী মাহলৈ স্বচ্ছতাৰ ক্ষেত্ৰত এই প্ৰতিযোগিতা। ৱাৰ্ডৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰথম পুৰস্কাৰ হিচাপে ১০ লাখ। দ্বিতীয় পুৰস্কাৰ হিচাপে ৭ লাখ টকা আৰু তৃতীয় পুৰস্কাৰ হিচাপে ৫ লাখ টকা।
আনফালে দুৰ্গা পূজাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা পূজা সমিতিসমূহে কৰিব লাগিব আবেদন। GMCৰ কাউন্সিলাৰসকলৰ পৰা সংগ্ৰহ কৰিব পাৰিব আবেদন পত্ৰ। দীপাৱলীৰ পিছত প্ৰদান কৰা হ’ব পুৰস্কাৰ।
- Log in to post comments