প্ৰথম ২ঘণ্টাত বিশ্ব অভিলেখ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ, কেনেকৈ সম্ভৱ? জানো আহক.....

Cristiano Ronaldo

সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৰ বিশ্ব অভিলেখ। ফুটবল কেৰিয়াৰৰ মাজতে সামাজিক মাধ্যমৰ প্লেটফৰ্মটো জনপ্ৰিয়তাৰ শীৰ্ষত ফুটবল খেলুৱৈগৰাকী। ফুটবল খেলত সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা তাৰকাগৰাকীয়ে এইবাৰ সামাজিক মাধ্যমত জোকাৰণিৰ সৃষ্টি কৰিছে।

শ্ৰেষ্ঠ ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‘ইউ আৰ ক্রিষ্টিয়ানো’ নামৰ নিজৰ এটা ইউটিউব চেনেল মুকলি কৰে। ইউটিউব চেনেলটো মুকলি কৰাৰ কথা ছ’চিয়েল মিডিয়াত ঘোষণা কৰা প্ৰায় ২ঘন্টাৰ ভিতৰত ‘বিশ্ব অভিলেখ’ ভংগ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, ৰোনাল্ডো দ্ৰুতগতিত ইউটিউবত ১০ লাখ, ১০ মিলিয়ন আৰু ২ কোটি অনুগামীৰ অতিক্ৰম কৰি দ্ৰুতগতিত চেলিব্ৰিটি হৈ পৰিল। ফুটবল তাৰকাগৰাকীয়ে ইউটিউব প্লেটফৰ্মৰ ইতিহাসত ২৪ ঘণ্টাৰ ভিতৰতে ১কোটি গ্ৰাহকক আকৃষ্ট কৰিবলৈ সক্ষম হয়। ৰোনাল্ডোৰ ইউটিউব একাউণ্টৰ চাবস্ক্ৰাইবাৰৰ সংখ্যাই এক কোটি অতিক্ৰম কৰা পিছতে তেওঁৰ নামত সংযোজন হয় এই বিশ্ব অভিলেখ।

আজিলৈকে বিশ্বৰ কোনো চেলিব্ৰিটিৰ ছ’চিয়েল মিডিয়া ফ’ল’ৱাৰ একত্ৰিত কৰি ১ বিলিয়ন ফ’ল’ৱাৰ নাই। ৰোনাল্ডোৰ ইউটিউব একাউণ্টৰ বৃদ্ধিৰ ধৰণটো বিবেচনা কৰিলে ৩৯ বছৰীয়া ৰোনাল্ডোৱে সেই সীমা ভংগ কৰিবলৈ মাত্ৰ কেইদিনমানৰ কথা।

ইতিমধ্যে ৰোনাল্ডো বিশ্বৰ আটাইতকৈ ধনী ক্ৰীড়াবিদসকলৰ ভিতৰত আছে, তেওঁৰ ছ’চিয়েল মিডিয়াত উপস্থিতিৰ পৰাও আচৰিত ধৰণৰ টকা লাভ কৰিছে। তেওঁৰ ইউটিউব একাউণ্টে তেওঁৰ ধন-সম্পত্তি আৰু অধিক বৃদ্ধি কৰিছে। এক প্ৰতিবেদন অনুসৰি ৰোনাল্ডোৱে ইউটিউব একাউণ্ট মুকলি কৰাৰ প্ৰথম ৭২ ঘণ্টাৰ ভিতৰতে ইতিমধ্যে প্ৰায় ১০ কোটি মাৰ্কিন ডলাৰ উপাৰ্জন কৰিছিল।

Category