ভাৰত চৰকাৰৰ বৃহৎ সিদ্ধান্ত, কানাডাৰ বাবে ভিছা সেৱা স্থগিত ৰাখিলে ভাৰত চৰকাৰে........

India and Canada

ভাৰত আৰু কানাডাৰ মাজত হোৱা সংঘৰ্ষৰ বাবে বৃহস্পতিবাৰে ভাৰতে এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰে। এতিয়াৰে পৰা ভাৰতলৈ আহিব নোৱাৰিব কানাডিয়ান নাগৰিক। ভাৰতে কানাডাৰ বাবে ভিছা সেৱা স্থগিত ৰাখিছে। কানাডাৰ পৰা ভাৰতলৈ অহা কানাডিয়ান নাগৰিকৰ বাবে Visa সেৱা স্থগিত ৰখা হৈছে। এই খবৰটো BLS আন্তঃৰাষ্ট্ৰীয় ৱেবছাইটত প্ৰকাশ কৰা হৈছে।

জাননী অনুসৰি, আজিৰ পৰা কানাডাৰ পৰা ভাৰতলৈ ভিছা সেৱা পৰৱৰ্তী আদেশ লৈকে স্থগিত ৰখা হৈছে। ইয়াৰ অধীনত, যিসকলে কানাডাৰ পৰা Visa লৈ ভাৰতলৈ আহিব বিচাৰে তেওঁলোকৰ বাবে ভিছা সেৱা স্থগিত ৰখা হৈছে।

India and Canada

জাননীত উল্লেখ্য আছে যে, "ভাৰতীয় মিছনৰ পৰা গুৰুত্বপূৰ্ণ তথ্য: কাৰ্যকৰী কাৰণত, ২১ ছেপ্টেম্বৰ ২০২৩ (বৃহস্পতিবাৰে)ৰ পৰা ভাৰতীয় ভিছা সেৱাসমূহ পৰৱৰ্তী আদেশলৈকে স্থগিত ৰখা হৈছে।" ইয়াৰ পূৰ্বে ভাৰত ভ্ৰমণৰ ক্ষেত্ৰত নিষেধাজ্ঞাৰে কানাডা চৰকাৰে ভাৰত ভ্ৰমণ পৰামৰ্শাৱলী জাৰি কৰিছিল, য'ত কানাডাৰ নাগৰিকক জম্মু–কাশ্মীৰ ভ্ৰমণ কৰিবলৈ বাৰণ কৰিছে। আনকি কানাডাৰ নাগৰিকক বিশেষ কাম নাথাকিলে ভাৰতলৈ নাযাবলৈও সকীয়াই দিছে কানাডা চৰকাৰে।

উল্লেখ্য যে, কানাডাৰ প্ৰধানমন্ত্ৰী ট্ৰুড'ৱে দেশখনৰ সংসদত হৰদীপ সিং নিজ্জৰৰ হত্যাত 'ভাৰত চৰকাৰৰ এজেণ্ট'ৰ জড়িতৰ বিশ্বাসযোগ্য অভিযোগৰ কথা কৈছিল। সংসদৰ এক জৰুৰীকালীন অধিৱেশনত ট্ৰুড'ৱে কৈছিল যে, 'কানাডাৰ মাটিত এজন কানাডিয়ান নাগৰিকৰ হত্যাত যিকোনো বিদেশী চৰকাৰৰ হাত থকাটো আমাৰ সাৰ্বভৌমত্বৰ এক অগ্ৰহণযোগ্য উলংঘন। এয়া সেই মৌলিক নিয়মৰ বিপৰীত যাৰ জৰিয়তে স্বাধীন, মুক্ত আৰু গণতান্ত্ৰিক সমাজে কাম কৰে।'

আনহাতে, ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে এক বিবৃতি জাৰি কৰি কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুড’ৰ সকলো অভিযোগ খাৰিজ কৰিছে।

Category