AliAiLigang

আজি মিচিংসকলৰ পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং। ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ। প্ৰতিবছৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীৰ লোকসকলে মাংগলিক ৰীতি-নীতিৰে পালন কৰে আলি আঃয়ে লৃগাং।

আজিৰ দিনটোত উপাস্য দেৱতা দঃঞি-পঃল আৰু পূৰ্ব-পুৰুষ সকললৈ পূজা অৰ্চনা আগবঢ়াই কৃষি কৰ্মত নামিব মিচিং লোকসকল। আজি কৃষি পথাৰত আহু ধান সিঁচে মিচিং জনগোষ্ঠীয় লোকসকলে। সাধাৰণতে মিচিংসকলে শস্য সিঁচাৰ লগতে দিনটোত অঞ্চলটোৰ ডেকা-গাভৰো, বুঢ়া মেথা সকলোৱে সমূহীয়াকৈ ভোজভাত খাই নানা নৃত্য গীত পৰিবেশন কৰে।