Sahara Hotel Airport

বুধবাৰে চহৰখনৰ আৰক্ষী বিভাগে কেইবাটাও অঞ্চলত ৰখা বোমাৰ বিষয়ে সতৰ্ক কৰি দিয়াৰ পিছতে মুম্বাইৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে।

অচিনাক্ত এটা গোটে ভাবুকি দিবলৈ ১১২ টা হেল্পলাইনত ফোন কৰি এই খবৰ দিছিল। অৱশ্য়ে আৰক্ষীয়ে এতিয়াওঁ ফোন কলটোৰ তদন্ত কৰি আছে। 

ফোন কৰ্তাই দাবী কৰিছিল যে মুম্বাইৰ ইনফিনিটি মল আন্ধেৰী, পিভিআৰ মল জুহু আৰু চাহাৰা হোটেল বিমানবন্দৰত তিনিটা বোমা ৰখা হৈছে। লগে লগে আৰক্ষীয়ে এই তিনিটা ঠাইত নিৰাপত্তা বৃদ্ধি কৰিছে। 

আৰু ইতিমধ্য়েই ভাবুকি প্ৰদান কৰা গোটটোক চিনাক্ত কৰিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। যদিও এতিয়ালৈকে সঠিককৈ একো জানিব পৰা হোৱা নাই।