world record for most pub visits

অধিক সুৰাপান কৰি World Record! ১৮ ঘণ্টাত ৩০ লিটাৰ পানীয় খাই অভিলেখ।

ব্যক্তিজনৰ নাম ২২ বছৰীয়া নাথান ক্ৰিম্প। ২২ বছৰীয়া যুৱকজনে ২৪ ঘণ্টাৰ ভিতৰত ইংলেণ্ডৰ অধিকসংখ্যক পাবত গৈ সুৰাপান কৰিব বুলি নিজক চেলেঞ্জ দিছিল৷ ক্ৰিম্পে ১৭ঘণ্টাৰ সময়সীমাৰ ভিতৰতে ইংলেণ্ডৰ ব্ৰাইটন এলেকাৰ ৬৭ টা পাবত সুৰাপান কৰে। চেলেঞ্জৰ সময়ত যুৱকজন অকলশৰীয়া নাছিল, তেওঁৰ সৈতে আছিল এজন বন্ধু। ক্ৰিম্পে উল্লেখ কৰিছে যে তেওঁ ১৭ঘণ্টাত ৬৭ টা পাবত সুৰাপান কৰি বিশ্ব অভিলেখ গঢ়াটো ইমান সহজ নাছিল৷ তেওঁ এতিয়ালৈকে জীৱনত কৰা আটাইতকৈ কঠিন কামবোৰৰ ভিতৰত এটা কাম আছিল এই চেলেঞ্জ।