Khalghat Sanjay Setu

মধ্যপ্ৰদেশৰ ইন্দোৰৰ পৰা পুনেলৈ গৈ থকা মহাৰাষ্ট্ৰ ৰোড ৱেজৰ বাছ দুৰ্ঘটনা৷ খলঘাট অঞ্চলত দলঙৰ ৰেলিং ভাঙি নৰ্মদা নৈত পৰে বাছখন।

এই পৰ্যন্ত ১৩ জন লোক নিহত হৈছে বলি জানিব পৰা গৈছে ৷ ১৫ জন লোকক উদ্ধাৰ কৰা হৈছে। বাছখনত আছিল প্ৰায় ৪০ জন লোক। উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। বতাহ-বৰষুণৰ মাজতে সংঘটিত হয় এই ভয়াৱহ পথ দুৰ্ঘটনাটো ৷

বাছ দুৰ্ঘটনাত নিহত পৰিয়ালক মধ্যপ্ৰদেশ চৰকাৰে প্ৰদান কৰিব ৪ লাখ টকাকৈ সাহায্য। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে মৃতকৰ পৰিয়ালক তাৎক্ষণিকভাৱে ১০ লাখ টকা দিবলৈ নিৰ্দেশ দিছে।