Delhi Court

দিল্লীৰ ৰাউজ এভিনিউ আদালতে ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ প্ৰাক্তন সভাপতি তথা ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে পঞ্জীয়ন হোৱা যৌন নিৰ্যাতনৰ গোচৰত বৃহস্পতিবাৰৰ দিনটোত জামিন প্ৰদান কৰে । জামিন মঞ্জুৰ কৰাৰ সময়ত আদালতে অভিযোগকাৰী বা সাক্ষীক প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰৰোচিত নকৰাৰ দৰে চৰ্ত আৰোপ কৰিছিল আৰু লগতে কয় যে আদালতৰ অনুমতি অবিহনে অভিযুক্তক দেশ এৰি যাবলৈ দিয়া নহয়।