বজালীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীক বদলি কৰা হৈছে। মাধ্যমিক শিক্ষা বিভাগৰ সচিব ৰূপে নিযুক্তি দিয়া হৈছে ভাৰত ভূষণ দেৱ চৌধুৰীক।
কাবেৰী বৰকাকতিক বজালীৰ উপায়ুক্ত নিযুক্তি দিয়া হৈছে। কাবেৰী বৰকাকতি আছিল পৰ্যটন বিভাগৰ যুটীয়া সচিব।
বঙাইগাঁৱৰ উপায়ুক্ত ড০ লক্ষ্মী প্ৰিয়াক বদলি কৰা হৈছে। NHMৰ সঞ্চালক ৰূপে নিযুক্তি দিয়া হৈছে ড০ লক্ষ্মী প্ৰিয়াক।
নৱজিৎ পাঠক হ’ব বঙাইগাঁৱৰ নতুন উপায়ুক্ত। ৰাজ্য চৰকাৰৰ যুটীয়া সচিবৰ দায়িত্বত আছিল নৱজিৎ পাঠক। ধেমাজিৰ উপায়ুক্ত পি বিজয়া ভাস্কৰ ৰেড্ডীক বদলি কৰা হৈছে। ৰেড্ডীৰ স্থানত অসীম কুমাৰ ভট্টাচাৰ্য হ’ব ধেমাজিৰ নতুন উপায়ুক্ত।
- Read more about জিলা উপায়ুক্তৰ ব্যাপক ৰদ বদল..
- Log in to post comments