পাঁচ ৰাজ্যৰ নিৰ্বাচন শেষ হোৱাৰ পিছতে একেলগে বাঢ়িল পেট্ৰ’ল-ডিজেলৰ দাম। একেবাৰে ৫০ টকা বৃদ্ধি পালে ৰাজসাহাজ্যবিহীন ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম।
সূত্ৰ অনুসৰি, কলকাতাত এক লিটাৰ পেট্ৰ’লৰ দাম ৮৩ পইচা বৃদ্ধি হৈ ১০৫.৫১ টকা হৈছে। ডিজেলৰ দামো প্ৰতিলিটাৰত ৮৩ পইচা বাঢ়ি কলকাতাত দাম হ’লগৈ ৯০.৬২ টকা।