Sadar Police Station

এখন গাঁৱত সংঘটিত এক আচহুৱা ঘটনা। গাঁওবাসীক সুৰক্ষা দিয়াৰ সলনি গাঁওবুঢ়াই সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। এটা পৰিয়ালৰ ওপৰত জপিয়াই পৰিল স্বয়ং গাঁওবুঢ়া।

এই আজৱ ঘটনা সংঘটিত হৈছে বিহাৰত। বিহাৰৰ লৌধ গাঁৱত গাঁওবুঢ়াৰ আক্ৰমণৰ বলি হ’ল যুৱতী। পিছে ঘটনাৰ আঁৰত থকা কাহিনী শুনিলে চকু কপালত উঠিব আপোনাৰ। গাঁওবুঢ়া মুষ্টকিনে লৌধ গাঁৱৰে এঘৰ মানুহৰ ঘৰত উপস্থিত হৈ পৰিয়ালটোৰ এগৰাকী যুৱতীৰ চৰিত্ৰৰ ওপৰত যথেষ্ট অশ্লীল মন্তব্য কৰে। অকস্মাতে গাঁওবুঢ়াই ঘৰৰ ছোৱালীজনীক বেয়া ব্যৱহাৰ কৰাত পৰিয়ালৰ লোকসকলে তেওঁৰ বিৰোধিতা কৰে।