এমাহ পূৰ্বে জামিন লাভ কৰা ইমৰান হুছেইনক পুনৰ গ্ৰেপ্তাৰ।
নগাঁও আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰিলে ইমৰান হুছেইন ওৰফে ইৰানক। হয়বৰগাঁও আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত যোৱা এটা দলে গ্ৰেপ্তাৰ কৰে ইৰানক।
নগাঁও সদৰ আৰক্ষী থানাত ৰুজু হৈ থকা ৩২৫৫/২১ নম্বৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে ইৰানক। এমাহ পূৰ্বে জামিন লাভ কৰা ইৰাণৰ বিৰুদ্ধে পুনৰ ৰুজু হৈছিল সম্পত্তি দখলৰ গোচৰ।