Chandan Jindal

যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা পুনৰ আহিল কোনেও নিবিচৰা এটা দুঃখবৰ। দুদিনত ইউক্ৰেইনত মৃত্যু দ্বিতীয়জন ভাৰতীয়ৰ। মৃত্যুক সাৱটিলে পঞ্জাৱৰ ২২ বছৰীয়া চন্দন জিণ্ডালে।

বুধবাৰে, মৃত্যুবৰণ কৰা চন্দনে ইউক্ৰেইনৰ Vinnytsia National Pyrogov, Memorial Medical Universityত অধ্যয়ন কৰি আছিল। বুধবাৰে, ব্ৰেইন ষ্ট্ৰোক হৈ ইউক্ৰেইনৰ এখন জৰুৰীকালীন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ছাত্ৰজনে। এতিয়া পুত্ৰৰ মৃতদেহটো ঘৰলৈ উভতাই অনাৰ বাবে ভাৰত চৰকাৰক অনুৰোধ জনাইছে চন্দনৰ পিতৃয়ে।