Moga

পঞ্জাৱত নিৰ্বাচনী বতাহ। পঞ্জাৱত কংগ্ৰেছ, বিজেপি, আপ, অকালী সকলো দলৰ মাজতে চলিছে নিৰ্বাচনী যুঁজ। কিন্তু দেওবাৰে অনুষ্ঠিত হোৱা পঞ্জাৱৰ নিৰ্বাচনৰ দিনটোত ম'গাৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ যোৱাৰ সময়তে ভাৰতীয় নিৰ্বাচনী আয়োগে বাধা প্ৰদান কৰে বলিউডৰ অভিনেতা চনু সুদক। কংগ্ৰেছৰ হৈ নিৰ্বাচন খেলা ভগ্নী মালবিকাক লগ কৰিবলৈ যোৱাৰ সময়ত নিৰ্বাচনী আয়োগে ম'গাত প্ৰৱেশত বাধা প্ৰদান কৰে অভিনেতাগৰাকীক।