Punjab Election

বৃহস্পতিবাৰে ঘোষণা হ'ল দেশৰ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। পঞ্জাৱ বিধানসভা নিৰ্বাচনত এইবাৰ কংগ্ৰেছক পৰাভূত কৰি AAPৰ যাদু কী ঝপ্পি। পঞ্জাৱৰ ১১৭টা বিধানসভা সমষ্টিত ৯২টা সমষ্টি দখলেৰে অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টীয়ে সৃষ্টি কৰিলে চমক।

নিৰ্বাচনত পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিত সিং চান্নীক পৰাভূত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে পঞ্জাৱৰ এজন সাধাৰণ ব্যক্তি। ধনবল আৰু বাহুবলৰ ৰাজনীতিৰ মাজত এজন ব্যতিক্ৰম প্ৰাৰ্থী। আম আদমী পাৰ্টীৰ লাভ সিং উগোকে এতিয়া সকলোৰে মাজত চৰ্চিত এটা নাম। পিছে কোন এইজন ব্যক্তি?