IPL Acution

আই পি এল মেগা নিলাম ২০২২। দুদিনীয়াকৈ বাংগালুৰুত অনুষ্ঠিত হ’ল ক্ৰিকেটাৰসকলৰ নিলাম প্ৰক্ৰিয়া। ক্ৰিকেটাৰসকলক ক্ৰয় কৰিবৰ বাবে ব্যয় হ’ল বহু কোটি টকা। বহু খেলুৱৈয়ে অধিক দাম পালে যদিও বহুতকেই কিন্তু এই নিলাম প্ৰক্ৰিয়াই নিৰাশ কৰিলে। বহুতেই খালী হাতেৰেই উভতি যাবলগীয়া হ’ল আই পি এলৰ নিলাম প্ৰক্ৰিয়াৰ পৰা। আনকি এগৰাকী খেলুৱৈয়ে ৯ বছৰৰ পাছত আহিছিল নিলাম প্ৰক্ৰিয়ালৈ, কিন্তু খেলুৱৈগৰাকীক ক্ৰয় কৰাৰ বাবে সন্মত নহ’ল কোনো দল।