UP Election update

উত্তৰ প্ৰদেশ নিৰ্বাচনৰ হাই ভল্টেজ যুঁজ আজি ১০ ফেব্ৰুৱাৰী আৰম্ভ হৈছে আৰু ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ ৰাজ্যখনৰ পশ্চিম অঞ্চলৰ ১১ খন জিলাত ৫৮ টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ হৈছে।

ভোটদান পুৱা ৭বজাৰ পৰা আৰম্ভ হৈছে আৰু নিৰ্বাচন আয়োগৰ কোভিড-১৯ নিৰ্দেশনা অনুসৰি পৰিচালনা কৰা হৈছে। ২৫,৮৪৯টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছে আৰু সন্ধিয়া ৬বজালৈকে চলিব বুলি আশা কৰা হৈছে।

ভোট দান কৰা এঘাৰখন জিলাৰ ভিতৰত শামলি, মীৰাট, হাপুৰ, মুজাফ্ফৰনগৰ, বাগপত, গাজিয়াবাদ, বুলন্দচহৰ, আলিগড়, আগ্ৰা, গৌতম বুদ্ধ নগৰ আৰু মথুৰা আছে।