Assam Young Man

অন্ধ্ৰপ্ৰদেশত অতি নৃশংসভাৱে হত্যা কৰা হ’ল কাজিৰঙাৰ এজন অসমীয়া যুৱকক। হত্যাকাণ্ডটো ইমানেই ভয়ংকৰ আছিল যে হত্যাকাৰীয়ে মৃতদেহৰ পৰা কিডনী, চকু, নাক-কান আদি কাটি লৈ যায়। কাজিৰঙাৰ মিকিৰ গাঁৱৰ দিপুল কলিতা নামৰ যুৱকজনে স্থানীয় চাৰিজন যুৱকৰ সৈতে ১০ আগষ্ট তাৰিখে অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাৰাত কোম্পানীত কামৰ সন্ধানত ওলাই গৈছিল।