Lakwa Tantia Higher Secondary School

এয়া কোনো বিহুৰ কৰ্মশালা নহয়। লাকুৱা তান্তিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমত সংযোজিত হ’ল বিহু।

HSৰ পাঠ্যক্ৰমত ঐশ্চিক বিষয়ৰূপে অন্তৰ্ভুক্ত বিহু। তাৰেই পাঠদান চলিছে লাকুৱা তান্তিয়া উঃ মাঃ বিদ্যালয়ত।
বিহু-সুৰক্ষা সমিতিৰ দীৰ্ঘদিন আন্দোলনৰ পিছত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তভুক্ত হ’ল বিহু। লাকুৱা তান্তিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰম্ভ হৈছে এই পাঠ্যক্ৰম। বিহু নাচ, বিহু নাম, ঢোল-পেপাঁ-গগণা শিকোৱাৰ ব্যৱস্থা আছে এই পাঠ্যক্ৰমত।