Nagarbera

ৰাজ্যত অব্যাহত চাউলৰ ক'লা বেহা। মুখ্যমন্ত্ৰীৰ সকিয়নীকো অংগুষ্ঠ প্ৰদৰ্শন কৰি এচাম অসাধু লোকে চলাইছে চাউলৰ বেহা। এইবাৰ সমবায় এজেণ্টৰ গৃহৰ পৰা উদ্ধাৰ চোৰাং চাউল। এজেণ্টৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৫১৫ বস্তা চাউল। 

 

মুখ্যমন্ত্ৰীৰ কঠোৰ সকীয়নিৰ পাছতো ৰাজ্যত অব্যাহত আছে বগা চাউলৰ ৰমৰমীয়া ক'লা বেহা। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাছুমাৰাত। প্ৰাপ্ত তথ্য অনুসৰি, চেঙা সমষ্টিৰ দক্ষিণ বগুৰীবাৰী সমবায় সমিতিৰ এজেন্ট জাহিদুল ইছলামৰ ঘৰত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ চাউল। ঘৰত অতিৰিক্ত চাউল থকাৰ সম্ভেদ লাভ কৰি কাছুমাৰা আৰক্ষীক খবৰ দিয়ে স্থানীয়ই।