জনতা ভৱনত মন্ত্ৰী বিমল বড়াৰ সংবাদ মেল। দেওবাৰে সংবাদমেল সম্বোধন কৰি বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা বিমল বড়াৰ। সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যিক ভিত্তিত শিল্পী দিৱস উদযাপনৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।
শিল্পী দিৱসৰ দিনটোত ৫০ গৰাকী শিল্পীক দিয়া হ'ব শিল্পী পেঞ্চন। ১৫০ জনক দিয়া হ'ব বাৰ্ষিক শিল্পী বঁটা। শিল্পীসকলক প্ৰতিমাহে ৮০০০ টকাকৈ দিয়া হ'ব পেঞ্চন। আনহাতে, ১৮ গৰাকী শিল্পীৰ পত্নীক দিয়া হ'ব ৫০ হাজাৰকৈ এককালীন সাহায্য।