Newly Wed Couple

আজৱ কথা, এইবাৰ কইনাই সেন্দুৰ দিলে দৰাক। কলকাতাৰ এগৰাকী কইনাই দৰাৰ কপালত সেন্দুৰ পিন্ধোৱা এটা ভিডিঅ' ছচিয়েল মিডিয়াত খলকনি তুলিছে।

কইনা শালিনী সেন আৰু দৰা অংকন মজুমদাৰ ২ ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হৈছিল। কইনাৰ ভগ্নী ক্ৰিটিকাই ফেচবুকত বিবাহৰ ৰীতি-নীতিৰ ফটো আৰু ভিডিঅ' পোষ্ট কৰাৰ পিছতে উক্ত ভিডিঅ'টো ভাইৰেল হৈ পৰিছে।

ভিডিঅ'টোত, শালিনীক তাইৰ দৰাৰ কপালত সেন্দুৰ দি হাঁহি থকা দেখা গৈছে । সেইসময়চোৱাত বিয়াৰ অতিথিসকলক বেচ আমোদ উল্লাস কৰা দেখা গৈছে।

উল্লেখনীয় ভাৱে, বিয়াখন তিনিজন পুৰোহিতৰ দ্বাৰা সম্পন্ন কৰা হৈছিল। বিয়াৰ মন্ত্ৰসমূহ কেৱল সংস্কৃততে নহয় বাংলাতো কোৱা হৈছিল।