Tamilnadu Helicopter Crash

অৱশেষত গ্ৰুপ কেপ্টেইন বৰুণ সিঙেও মৃত্যুৰ ওচৰত হাৰ মানিলে। আজি কিছু সময় পূৰ্বে শেষ নিশ্বাস ত্যাগ কৰিলে বীৰ সৈনিকগৰাকীয়ে।

৮ ডিচেম্বৰত তামিলনাডুত সংঘটিত হোৱা শোকাৱহ দুৰ্ঘটনাত একমাত্ৰ জীৱীত ব্যক্তি আছিল কেপ্টেইন বৰুণ সিং।

উল্লেখ্য যে,CDS জেনেৰেল বিপিন ৰাৱটৰ হেলিকপ্টাৰ দুৰ্ঘটনাত থিতাতে নিহত হৈছিল ১৩ জন লোক। সেই দুৰ্ঘটনাত একমাত্ৰ প্ৰণৰক্ষা পৰিছিল বৰুণ সিঙৰ। এই দুৰ্ঘটনাত প্ৰতিৰক্ষা মুৰব্বী ববিপিন ৰাৱটৰ লগতে তেওঁৰ পত্নীসহ ১১গৰাকী বায়ুসেনাৰ সৈনিকৰ মৃত্যু হৈছিল।