Custom Department

ভাৰতীয় ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াই মুম্বাই শুল্ক বিভাগে ৫ কোটি টকাৰ দুটা হাতঘড়ী জব্দ কৰাৰ অভিযোগৰ বিষয়ে সকলো অভিযোগ স্পষ্ট কৰি মঙলবাৰে পুৱা তেওঁৰ টুইটাৰ হেণ্ডেলত এটা বিবৃতি পোষ্ট কৰে।

২৮ বছৰীয়া অলৰাউণ্ডাৰে টুইট কৰি কয়, "১৫ নৱেম্বৰৰ সোমবাৰে ৰাতিপুৱা ডুবাইৰ পৰা আহি মোৰ লাগেজ উঠোৱাৰ পিছত মই স্বেচ্ছাই মুম্বাই কাষ্টমছ কাউণ্টাৰলৈ গৈ মোৰ দ্বাৰা ক্ৰয় কৰা সামগ্ৰীবোৰ ঘোষণা কৰি প্ৰয়োজনীয় শুল্ক পৰিশোধ কৰিছিলো। মুম্বাই বিমানবন্দৰত কাষ্টমছলৈ মোৰ ঘোষণাসন্দৰ্ভত ছ'চিয়েল মিডিয়াত ভুল ধাৰণা বিয়পি পৰিছে, আৰু কি ঘটিছিল সেই বিষয়ে মই স্পষ্ট কৰিব বিচাৰো।"