Luxury Residential Tower

মায়ানগৰী মুম্বাইত বিধ্বংসী অগ্নিকাণ্ড। দক্ষিণ মুম্বাইৰ লালবৌগ অঞ্চলৰ এটা আৱাসিক এপাৰ্টমেন্টৰ ১৯ নম্বৰ মহলাত সংঘটিত এই অগ্নিকাণ্ড।

মুম্বাইৰ বিলাসীপূৰ্ণ Avighna Park Societyত শুকুৰবাৰে দুপৰীয়াৰ ভাগত অগ্নিৰ সূত্ৰপাত হয়। জুইয়ে আৱৰি ধৰে বিল্ডিঙৰ ১৯ নম্বৰ মহলাটো। ততালিকে জুইৰ ক’লা ধোৱাই আগুৰি ধৰে চৌপাশ।

ঘটনাস্থলীত উপস্থিত হয় ১২টা অগ্নি নিৰ্বাপক ইঞ্জিন আৰু পানীৰ টেংকাৰ। অগ্নি নিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দলে পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়।