World Animal Day 2021

আজি বিশ্ব প্ৰাণী দিৱস। প্ৰতি বছৰে ৪ অক্টোবৰত পালন কৰা হয় প্ৰাণী দিৱস। জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে সকলোৰে মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই দিৱস উদযাপন কৰা হয়।

বিশ্বৰ বিভিন্ন দেশত জীৱ-জন্তুৰ প্ৰতি ভাল ব্যৱহাৰ কৰাৰ উদ্দেশ্যেই এই দিৱস পালন কৰা হয়। ১৯২৫ চনৰ ২৪ মাৰ্চত পোনপ্ৰথমবাৰৰ বাবে বাৰ্লিনত উদযাপন কৰা হৈছিল বিশ্ব পশু দিৱস। বৰ্তমান ৪ অক্টোবৰত এই দিৱস উদযাপন কৰি জীৱ-জন্তুক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা হয়। জীৱ-জন্তুক ভাল ব্যৱহাৰ কৰিবলৈ সকলোকে শিক্ষা দিবলৈ চেষ্টা কৰা হয়।