Restaurant

হোটেল-ৰেস্তোৰাৰ গ্রাহকৰ বাবে সুখবৰ। এতিয়াৰ পৰা হোটেল-ৰেস্তোৰাই ল’ব নোৱাৰিব চাৰ্ভিছ চাৰ্জ। খাদ্যৰ বিলত গ্রাহকৰ পৰা ল’ব নোৱাৰিব চাৰ্ভিছ চাৰ্জ।

এই নিৰ্দেশ জাৰি কৰিছে কেন্দ্রীয় উপভোক্তা বিষয়ক বিভাগে। নেশ্যনেল ৰেষ্টুৰেণ্ট এছ’চিয়েশ্যনক নিৰ্দেশ বিভাগৰ। DOCA আৰু NRAI (National Restaurant Association of India)ৰ বৈঠকত এই বিষয়টো লৈ চৰ্চা চলিছে। চাৰ্ভিছ চাৰ্জ বিচৰাটো অন্যায় বুলি অভিহিত কৰে DOCAয়ে। শীঘ্রেই এই সন্দৰ্ভত নীতি নিৰ্দেশনাও জাৰি কৰিব সংশ্লিষ্ট বিভাগে।