Colleges

প্ৰায় ডেৰটা বছৰৰ অন্তত খোল খাব বিদ্যালয়। চাফ-চিকুন কৰি শিক্ষাৰ্থীৰ বাবে সজাই তোলা হৈছে বিদ্যালয়সমুহ।

আজি ঘোষণা হ’ল নতুন SOP। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেলযোগে আজি ঘোষণা কৰে SOP। সেই অনুসৰি স্নাতক বা সমপৰ্যায়ৰ পাঠ্যক্ৰম আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ক্ষেত্ৰত শ্ৰেণীকোঠাত পাঠদান পৰ্ব মুকলিত অনুমতি দিয়া হৈছে।

অৱশ্যে স্নাতক সমপৰ্যায়ৰ পাঠ্যক্ৰম আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পাঠগ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে কমেও এপালি কোভিড প্ৰতিষেধক গ্ৰহণ কৰাটো বাধ্যতামূলক। একোটা শ্ৰেণীকক্ষত সৰ্বাধিক ৩০গৰাকী ছাত্ৰ-ছাত্ৰীয়েহে একেলগে পাঠগ্ৰহণ কৰিব পাৰিব।